টীয়কঃ টীয়কৰ ঔগুৰি নেপালী খুটিত অঘটন।
খেলি থকা অৱস্থাত পুখুৰীত পৰি মৃত্যু হয় এটি ডেৰবছৰীয়া শিশু।
মৃত শিশুটিৰ নেপালী খুটিৰ ৰাকেশ চেত্ৰীৰ ডেৰবছৰীয়া পুত্ৰ অভিজিত চেত্ৰী।
জানিব পৰা মতে পৰিয়ালৰ সদস্যসকল নিজ নিজ নিত্য কৰ্মত ব্যস্ত হৈ থকাত শিশুটি খেলি আছিল।
কিন্তু কেনেকৈ শিশুটি গৈ পুখুৰীত পৰিল সেইলৈ পৰিয়ালৰ লোকসকলৰ মাজত চাঞ্চল্য।
আৰু পঢ়কঃ ওদালগুৰিত ৭ গৰাকী NLFB কেডাৰ গ্ৰেপ্তাৰ
ওচৰৰ এগৰাকী সম্বন্ধীয় আইতাকে বাৰীৰ পুখুৰীত শিশুটিক ওপঙি থকা দেখি চিঞৰ বাখৰ কৰাত সকলো গোট খাই ততাতৈয়াকৈ শিশুটিত টীয়ক FRU লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
শিশুটিৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।