স্মৃতি প্ৰিয়া লাহন, টীয়ক: এগৰাকী ছবছৰীয়া মৰমলগা কণমাণি। জন্মৰ ৬ মাহলৈকে থিকেই আছিল। কিন্তু ডাঙৰহৈ অহাৰ লগে লগেই ক্ৰমাৎ অন্ধ হৈ যোৱা কণমানিজনীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান- মামা মোক দেখা কৰি দিয়কচোন।
এই মৰমলগা কণমানিজনীৰ নাম পঞ্চিপ্ৰিয়া দাস। ঘৰ টীয়কৰ উত্তৰ দুলীয়া গাঁৱত।অনন্ত দাস আৰু ধুনমণি দাসৰ কন্যা ছবছৰীয়া পঞ্চিপ্ৰিয়া এতিয়া বঞ্চিত ৰঙীন পৃথিৱীৰ ৰংবোৰ দেখাৰ পৰা। ছমাহ বয়সলৈকে সকলো ঠিকেই আছিল তাই কিন্তু হঠাৎ দুয়োটা চকু এক জটিল ৰোগত আক্ৰান্ত হৈ দুয়োটা চকুৰেই নেদেখা হৈ পৰে।
দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে বহু চেষ্টা কৰিও সুষ্ঠ কৰি তুলিবলৈ সক্ষম হোৱা নাই নিজ কন্যাক। কণমানিজনীৰ চিকিৎসাৰ নামত নিজৰ খেতি-মাটিকেইডৰাও গ’ল।এতিয়া নিঠৰুৱা পিতৃ মাতৃৰ লগতে কণমানিজনীৰো শিশুক ভাল পোৱা মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান। পৰিয়ালৰ লোকেও ক’লে- “আপুনি কণমানিজনীৰ মুখলৈ চাই অকণমান সহায় কৰক, আমি আজীৱন কৃতজ্ঞ হৈ থাকিম।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জনোৱা এই আহ্বানে কেনেদৰে সহাৰি পাই সেইয়াহে বৰ্তমান সময়ত সকলোৱে আশাৰে বাট চাইছে।