টীয়ক– টীয়কৰ অন্যতম আধুনিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ সহযোগী অধ্যাপিকা ৰঞ্জু দেৱী, ড° দীপাঞ্জলী গোস্বামী আৰু কাৰ্যালয় কৰ্মচাৰী জিতেন শইকীয়াৰ অৱসৰৰ উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন কৃতজ্ঞতা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

আৰু পঢ়কঃ গোলাঘাটৰ কৰুণাটিং গ্ৰান্টত অগ্নিকান্ড, জাহ গ’ল এজনৰ বাসগৃহ

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাঁচনিৰ সভাপতিত্বত পৰিচালনা সমিতিৰ সভাপতি ড° দীপক শৰ্মা, মহাবিদ্যালয় অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষক বিনয়ব্ৰত ৰাজখোৱা, ৰেক্টৰ সুনীল ভট্টকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত কেইবাগৰাকী অৱসৰ গ্ৰহণ কৰা ব্যক্তিক সম্বৰ্দ্ধনা আৰু কৃতজ্ঞতা জনোৱা হয়।

আৰু পঢ়কঃ চেঙাবাসীৰ মুখে মুখে, আশ্রফুল ইছলামৰ ‘খেলা হ’বে’

সভাত কেইবাগৰাকীও শিক্ষক কৰ্মচাৰী তথা প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে তিনিওগৰাকী শিক্ষাগুৰুৰ এই বিদায় মূহুৰ্তত মহাবিদ্যালয়খনলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে আৰু মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীয়ে শিক্ষককেইগৰাকীলৈ কৃতজ্ঞতা জনাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply