স্মৃতি ৰেখা লাহন, টীয়ক: মানুহে মানুহৰ বাবে কথাষাৰ শিৰুগত কৰি টীয়কৰ চেলেংহাটৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে বৰ্তমান কভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কন্টেইভেন্ট জ’ন ঘোষণা কৰা বিভিন্ন অঞ্চলত আৰ্তসকলক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিৰ্দশন দাঙি ধৰিছে।
টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱখনত কভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে প্ৰশাসনে মূল পথত দাং মাৰি কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছিল আজিৰ পৰা এটা সপ্তাহৰ আগতে।অৱশ্যে গাঁৱখনৰ প্ৰায় ৫৩ টাকৈ দৰিদ্ৰ পৰিয়ালক প্ৰকাশনে খাদ্য সামগ্ৰী যোগানো ধৰিছিল যদিও প্ৰায় ২০টাকৈ পৰিয়াল বিভিন্ন কাৰণত চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হ’ব লগা হৈছিল।
কিন্তু সেই বঞ্চিত পৰিয়ালকেইটিৰ কথা অৱগত হৈ এইগৰাকী মানৱদৰদী ব্যক্তিয়ে গাঁথিৰ ধন ভাঙি উক্ত পৰিয়ালকেইটালৈ খাদ্ৰ সামগ্ৰী যোগান ধৰিছে।
চৌদিশে কৰোণা আতংক সকলোৰে আৰ্থিক অৱস্থা সুচনীয় তৎসত্তেও তুষাৰ পাল নামৰ এইগৰাকী ব্যক্তিয়ে যি আদৰ্শ দেখুৱাইছে তাক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সকলোকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাইছে গাঁৱৰ বুঢ়ামেঠাই।
লগতে পঢ়ক টীয়কত পুখুৰীত পৰি সলিল সমাধি যুৱ শিক্ষকৰ