টীয়কঃ কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা আংশিক লকডাউনে প্ৰতি স্তৰৰ ব্যক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
গ্ৰাম্য অৰ্থনীতিক তৰাম্বিত কৰিব পৰাকৈ এচাম যুৱকে কৃষি ঋণ আদি লৈ কৃষি কৰ্মত মনোনিবেশ কৰিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া উৎপাদন স্থলতে নষ্ট হ’ব ধৰিছে কৃষিজাত সামগ্ৰী।
আৰু পঢ়কঃ বঢ়মপুৰৰ কন্দলী পাহাৰত বজ্ৰপাততে নিহত হৈছিল ১৮টাকৈ হাতী
টীয়কত প্ৰায় সাত বিঘা মাটিত ব্যৱসায়ী ভিত্তিত নেমুটেঙা,ভোট জলকীয়া খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হোৱা ভোমোৰা মিচিং গাঁৱৰ মুনীল টাইৰ বাৰীত নেমু টেঙা বজাৰৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে।
সেয়ে অসমৰ চৰকাৰৰ বৃহৎ কৃষি বিভাগটোক এইসকল কৃষকৰ উৎপাদিত সামগ্ৰী কিনা বেচা বা শীতলীকৰণৰ গৃহত ৰাখিব পৰা ব্যৱস্থা কৰি কিছু সহায় কৰিবলৈ অনুৰোধ জনাইছে কৃষকসকলে।