টিয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ টীয়ক সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় আৰু ভগামুখ অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত জলজীৱন আঁচনি ৰূপায়নৰ নামত নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। পুৰণি পানী যোগান আচঁনি সমূহকে সামান্য মেৰামতি কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পানীৰ পাইপ সমূহ মাটিৰ পৰা এক মিটাৰ তলত পুতিব লাগে যদিও এই পাইপ সমূহ কোনো ঠাইত এক ফুটৰ পৰা ডেৰ ফুট তলত পোতাৰ উপৰি ঘৰলৈ সংযোগ দিয়া পাইপ একেবাৰে ওপৰতে পোতা হৈছে। এই আঁচনিৰ বাবে ব্যৱহাৰ কৰা পাইপ সমূহ ইমানেই নিম্ন মানদণ্ডৰ পাইপ যে পানী সৰবৰাহ কৰাৰ ফলত বহু স্থানত পানীৰ পাইপ ফাটি যোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃভয়ংকৰ ভূমি কেলেংকাৰিত সাঙুৰ খাইছে মুখ্য মন্ত্ৰীৰ পত্নী, পুত্ৰৰ নাম
এইদৰে নিম্নমানৰ কাম কৰিয়ে দায়িত্ব সামৰিব বিচাৰিছে ঠিকাদাৰে। ঠিকাদাৰৰ এনে নিম্নমানৰ কামৰ বিৰুদ্ধে যোৰহাট মহকুমা ছাত্র সন্থাৰ সম্পাদক তথা শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱাই তথ্য সহকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰাৰ লগতে নিম্ন মানৰ কামৰ এক তদন্তৰ দাবী জনোৱাত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।