টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ চেলেংহাটৰ টেঙাবাৰী গাঁৱত দেওবাৰে পুৱতি নিশা বৰ মৌৰ কামোৰত মৃত্যু হয় পুতুকণ শইকীয়া (৪৬) নামৰ এজন লোকৰ।

জানিব পৰা মতে, গাওঁখনৰ ৰঙাগৰা চুকৰ হাবি এখনত থকা এটা বৰ মৌৰ বাঁহে বহু দিনৰ পৰাই অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছিল। দেওবাৰে ব্যক্তি জন ঘৰৰ পদুলিৰ সন্মুখতে ৰৈ থকা অৱস্থাত হাবিৰ মাজৰ পৰা বৰ মৌ বাঁহ উৰি আহি উপৰ্যুপৰি আক্ৰমণ কৰাত থিতাতে ঢলি পৰে পুতুকণ শইকীয়া নামৰ ব্যক্তিজন।

লগতে পঢ়কঃগোৰেশ্বৰৰ দেউচুঙাত বন্যহস্তীৰ উপদ্ৰৱ

তেওঁৰ পত্নী আহি বচাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় মহিলা গৰাকী। শেষত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে আমগুৰিস্থিত এখন হস্পিতালত ভৰ্তি কৰে ব্যক্তিজনক।

উক্ত হস্পিতালখনত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হয় যদিও পুৱতি নিশা ঠিক ২মান বজাত শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই।

মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ আৰু এগৰাকী বোৱাৰীকে ধৰি বহু আত্মীয় কুটুম এৰি থৈ যায়।শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। বন আৰক্ষী বিষয়া সকলক বৰ মৌ বাঁহ টোৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনায় স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply