টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়।
ভেকচিন লোৱাৰ ৩ ঘণ্টাৰ পাছতে মৃত্যু হয় লাৱণ্য দাস নামৰ ৭০ বছৰীয়া বৃদ্ধা গৰাকী।
বৃদ্ধাগৰাকী ভেকচিন লোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল বুলি পৰিয়ালৰ লোকে জনাইছে। ভেকচিন লোৱাৰ তিনিঘণ্টাৰ পাছতে বুকুত বিষ অনুভৱ কৰে আৰু মুখেৰে ফেন ওলাই বৃদ্ধাগৰাকীৰ। বৃদ্ধা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
লগতে পঢ়কঃভাতৃৰ বিয়া খাই উভতি যোৱাৰ পথত যুৱকৰ মৃত্যু
পিছে চিকিৎসকে বৃদ্ধাগৰাকী ক’ভিড ভেকচিন লৈ মৃত্যু হোৱা কথাটো অস্বীকাৰ কৰিছে। প্ৰেচাৰ ষ্ট্ৰোক হৈ বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি সম্ভাৱনীয়তা ব্যক্ত কৰিছে।
মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।