স্মৃতি প্ৰিয়া লাহন, টীয়কঃ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানী চাংমাই গাঁৱত ৰহস্যজনক ভাৱে যুৱকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, চাংমাই গাঁৱৰ এটা বাসগৃহত বিগত বহু বছৰ ধৰি দ্বীপেন দত্ত (৪০)  নামৰ লোক জনে ঘৰুৱা কাম-কাজ কৰি আছিল। 

সোমবাৰে পুৱা ৫ মান বজাত ঘৰৰ এটা কোঠাত দ্বীপেন দত্তক চীপ লোৱা অৱস্থাত দেখে ঘৰৰ মানুহে। তাৰপাছতে এক হুলস্থুলৰ পৰিবেশ সৃষ্টি হয়। 

ইয়াৰ পিছত টীয়ক আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আত্মহত্যা কৰা লোক গৰাকীৰ ঘৰ বনাই  নপমুৱা গাঁৱত বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply