টিয়ক-নিৰ্বাচনলৈ মাজত মাত্ৰ ৯ টা দিন।প্ৰতিটো দলে নিজ নিজ ইস্তাহাৰ লৈ প্ৰচাৰ অভিযানত ব্যস্ত।

পাছ পৰি ৰোৱা নাই টীয়কৰ কংগ্ৰেছো। সমষ্টিটোৰ চুকে- কোণে নিতৌ আঠৰ পৰা দহখনকৈ সভাপাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছে।

প্ৰতিখন সভাতে বহুসংখ্যক সমৰ্থকে কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰৰ দিনটোতে সমষ্টিটোৰ গাখীৰখোৱা,চিন্তামণিগড়, জাঁজীমুখকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে।

উল্লেখযোগ্য যে ইয়াৰে অধিকাংশই অগপ বিজেপিৰ সদস্য তথা দলীয় দ্বায়িত্বত থকা আৰু নৱপ্ৰজন্মৰ প্ৰতিনিধি, পৰিপক্ক নেতৃত্বৰ অভাৱ তথা একনায়কত্ববাদৰ শাসনক পৰাভূত কৰি পৰিৱৰ্তনৰ ঠাইত পৰিত্ৰাণ পাবলৈ কংগ্ৰেছত যোগদান কৰিছে বুলি মন্তব্য কৰিছে যোগদানকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply