টিয়ক- সমাগত বিধানসভাৰ নিৰ্বাচন। চৌদিশে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল।

টীয়কটো নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ ঘৰে ঘৰে প্ৰচাৰ চলাইছে একাংশ দলীয় কৰ্মীয়ে।

পূৱ টীয়ক গাওঁ পঞ্চায়তৰ অগপ দলৰ পৰা জয়ী হোৱা সভানেত্ৰীকে প্ৰমুখ্য কৰি বিজেপিৰ দলীয় কৰ্মকৰ্তাই মিত্ৰতাৰ প্ৰতি সন্মান জনাই অগপ-বিজেপি জিন্দাবাদ ধ্বনিৰে গাঁৱখনৰ প্ৰতিখন ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

দলীয় কৰ্মকৰ্তাসকলে প্ৰতিগৰাকী ভোটাৰক ভোট প্ৰদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে উন্নয়নৰ গতি অক্ষুন্ন ৰাখিবলৈ মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায়।

পঞ্চায়তখনৰ মুঠ সাঁত হাজাৰ ভোটাৰৰ ভিতৰত প্ৰায় ছয় হাজাৰ ভোটেই মিত্ৰজোঁটে লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে দলীয় কৰ্মকৰ্তাসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply