টীয়ক,স্মৃতিপ্ৰিয়া লাহনঃ টীয়কৰ নৈপৰীয়া জাঁজীমুখৰ ওপৰ শগুনপাৰা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটি বন্যহস্তীৰ জাকে ৷ বৃহৎ হাতীৰ জাকটোৱে বিগত কিছু দিন ধৰি জাঁজীমুখৰ ওপৰ শগুনপাৰা অঞ্চলত সন্ধ্যা হোৱাৰ লগে লগেই জনাঞ্চলৈ নামি আহি বড়ো ধানৰ শ শ হেক্টৰ খেতিৰ লগতে ৰবিশস্যৰ পথাৰ তহিলং কৰিছে ৷ যাৰ ফলত পৈণত নোহোৱাকৈ ধান কাটি আনিবলৈ বাধ্য হৈছে কৃষক সকল ৷
দৰিদ্ৰ কৃষক সকলে বাৰিষাৰ বানৰ পাছত বহু কষ্টৰে কৰা খেতিডৰা ধ্বংস কৰাত মানসিক ভাৱে ভাগি পৰিছে ৷ বিশেষকৈ বন্যহস্তীয়ে তাণ্ডৱ চলোৱা এই গাওঁসমূত বনকৰ্মীৰ ভুমিকাক লৈ এতিয়া ক্ষুন্ন হৈছে গাঁওবাসী ৷ কিয়নো হাতী-মানুহৰ সংঘাতৰ এই ভয়াবহ সময়ত গাঁওবাসীৰ কাষত নাথাকে ৰাজ্যৰ বন বিভাগ ৷ গাওঁবাসীৰ অভিযোগ, ‘ফোন কৰিলে কেতিয়াবা ফোন বন্ধ পোৱা যায় বনকৰ্মীৰ কেতিয়াবা আকৌ পলমকৈহে আহি গাঁওৱাসীৰ হাতত দুটামান ব’ম ফটকা দি থৈ কৰ্তব্য সামৰে। ‘ সেয়ে এই ক্ষেত্ৰত চৰকাৰক এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।