টীয়কঃ বিশ্বৰ অন্যপ্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ।

টীয়কত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ সহযোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,আৰক্ষী থানাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰে।

আৰু পঢ়কঃমানকাচৰৰ আদৰ্শ গাঁও পঞ্চায়ৰ কুচনীমাৰা-জোৰডাঙ্গাত পাঁচ শতাধিক বৃক্ষ ৰোপণ

এই কাৰ্যসূচীত মেচ কছাৰী যুৱ পৰিষদৰ লগতে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকগোট তথা বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে বিশেষকৈ পাৰকিয়া প্ৰজাতিৰ এক গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে গৱেষণা কেন্দ্ৰটোৱে।

লগতে এই পাৰকিয়া গছে প্ৰকৃতিৰ সুৰক্ষাৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱেও সকলোকে স্বাৱলম্বী কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।সেয়ে আজিৰ এই বিশেষ দিনটোত সকলোকে এই পাৰকিয়া গছপুলি ৰোপণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰতিস্থানটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply