টিয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক নাম কমলা গগৈ। শিক্ষকতাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ৰ এগৰাকী স্বীকৃতি প্ৰাপ্ত আদৰ্শ কৃষক তেওঁ । ১৯৯৫ চনতে কমলা গগৈয়ে প্ৰায় সত্তৰ বিঘা মাটিত আৰম্ভ কৰিছিল মৎস্য পালনৰ লগতে মৎস্য প্ৰজননৰ এক প্ৰকল্প ।
এই প্ৰকল্পই ইতিমধ্যে সমাদৰ লাভ কৰিছে সকলোৰে মাজত । কেৱল যোৰহাট জিলাতে নহয় ৰাজ্যৰ ভিন্ন স্থানলৈ এই প্ৰকল্পৰ পৰা মাছৰ পোনা চাহিদা অনুযায়ী সৰবৰাহ কৰা হয়।
চৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি আদৰ্শ কৃষক পিতৃয়ে স্থাপন কৰা এই প্ৰকল্পত এতিয়া ব্যস্ত দুই শিক্ষিত পুত্ৰ দেৱাশিষ আৰু আশীষ।
মাছ খেতিৰ লগতে ধান খেতিটো আত্মনিয়োগ কৰাই স্বাৱলম্বিতাৰ পথ সুগম কৰাইছে দুই পুত্ৰক।
লগতে পঢ়কঃজৰাজীৰ্ণ বাহৰ দলঙৰ বাবে জীয়াতু ভুগিছে মহৰিপাৰা টেঙাঝাৰ বাসী ৰাইজে
শিক্ষিত হৈও চৰকাৰী চাকৰিৰ বাবে কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘুৰি নুফুৰি দেউতাকে স্থাপন কৰা মৎস্য প্ৰকল্পত ব্যস্ত থাকি ভৱিষ্যতৰ সপোন ৰচিছে দুই ভাতৃয়ে ।
লকডাউনে বিপযস্ত কৰিলেও অতি কষ্টৰে দুই ভাতৃয়ে মাছৰ প্ৰজননৰ বাবে আধুনিক কৌশল অৱলম্বন কৰি অধিক মাছৰ পোনা জন্ম দিয়াত সফল হৈছে।
দুই ভাতৃৰ সপোন পিতৃয়ে স্থাপন কৰা মৎস্য পালনৰ এই প্ৰকল্পক অধিক সম্প্ৰসাৰণ কৰি স্থানীয় নিবনুৱা যুৱকক সংস্থাপনৰ বাট মুকলি কৰা।
ইতিমধ্যে চাহিদা অনুসৰি ৰৌ,বাহু,মালি,মিৰিকা মাছৰ কেইবালাখো মাছৰ পোনা উৎপাদন কৰিছে যুৱকদ্বয়ে।
কিন্তু লকডাউনৰ ফলত এইবাৰ পোনা বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা এই উদীয়মান যুৱব্যৱসায়ীদ্বয়ে চৰকাৰক এই ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।