টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ চৰকাৰে সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে ডিজিটেলাইজ কৰি আহিছে। বিশেষকৈ ধন লেন-দেনৰ ক্ষেত্ৰত ডেজিটেলাইজেচন কৰিবলৈ বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ। কিন্তু কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ গঢ়ি তুলিবলৈ যিমানেই ঢাক-ঢোল বজালেও কিন্তু প্ৰকৃততে কিদৰে এই ডিজিটেল সেৱাই সাধাৰণ ৰাইজ উপকৃত কৰিছে তাৰ প্ৰকৃত বাস্তৱ সম্পূৰ্ণ পৃথক।
টীয়ক আৰু মৰিয়নি সমষ্টিৰ সীমামুৰীয়া বুধবৰীয়া তিনিআলিস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ দীঘলীয়া শাৰী পাতিছে সৰ্বসাধাৰণ ৰাইজে। শ শ পুৰুষ-মহিলাই পুৱাৰে পৰা এই কেন্দ্ৰটোৰ বাহিৰত শাৰী পাতি আছে। কোনোবাই বৃদ্ধ পেঞ্চন, কোনোবাই অৰুণোদয় আঁচনিৰ ধন, কোনোবাই জব কাৰ্ডৰ ধনকে ধৰি চৰকাৰে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা বিভিন্ন আঁচনিৰ ধন উলিয়াবলৈ এইদৰে কোচত কেঁচুৱা লৈ থিয় হৈ আছে সাধাৰণ ৰাইজ।
এনেদৰে শাৰী পাতিবলগীয়াৰ প্ৰকৃত কাৰণ হৈছে বেংকত লিং নাই। উল্লেখযোগ্য যে এয়া আজিৰ সমস্যা নহয়, বিগত বহু দিন ধৰি এইদৰে উক্ত কেন্দ্ৰটোত লিংকৰ অভাৱত গ্ৰাহকে হাৰাশাস্তি খাবলগীয়া হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ইফালে, নিতৌ নিজৰ প্ৰাপ্য ধন বিচাৰি ঘৰুৱা সকলো কাম-কাজ এৰি পুৱাই আহি ভোকে-লঘোনে এইসকল গ্ৰাহক অতিষ্ঠ হৈ পৰিছে। মাজে সময়ে বেংক কৰ্তৃপক্ষৰ সৈতে মতানৈক্যও হৈছে। কিন্তু উপায়হীন দুয়োপক্ষ। লিং আহিব আহিব বুলি এইদৰে পুৱাৰ পৰা আৱেলিলৈকে সকলো আশাৰে বাট চাই আছে লগতে এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষক অনতি পলমে ইয়াৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভোক্তভোগী ৰাইজে।