টীয়কঃ আজি গণেশ চতুৰ্থী। হিন্দু ধৰ্মাৱলম্বীসকলে সকলো দেৱ দেৱতাৰ পূজাৰ পূৰ্বে মহাদেৱ পাৰ্বতীৰ পুত্ৰ গণেশ প্ৰভুক পূজা অৰ্চনাৰে আগবঢ়ায়।সেই নীতি নিয়ম অৱলম্বন কৰিয়েই আজি সমগ্ৰ দেশতে আৰম্ভ কৰিছে গনেশ পূজা।
টীয়কৰ ঐতিহাসিক দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ গণেশ মন্দিৰত পুৱাই বৈদিক নীতি নিয়মেৰে বিনায়কৰ প্ৰতিমাৰ সন্মুখত পূজা অৰ্চনা আৰম্ভ কৰিছে।
ভক্তসকলে পূজা অৰ্চনাৰ সমান্তৰালকৈ গণেশ বন্দনা শ্ৰৱণ কীৰ্ত্তন কৰি পৰিৱেশ অধিক জীপাল কৰি তুলিছে লগতে এই পবিত্ৰ ক্ষণতে বিশ্ব শান্তিৰ বাবে প্ৰভু বিনায়কৰ চৰণত সেৱা আগবঢ়াইছে।
উল্লেখ্য যে, পূৰ্বৰে পৰা এই আশ্ৰমী সত্ৰত গণেশ পূজাভাগ দিনযোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰি অহা হৈছে।
লগতে পঢ়কঃঅন্যান্য পিছপৰা শ্ৰেণীৰ ৩৯ গৰাকী মহিলাক বিনামুলীয়া চিলাই মেচিন বিতৰণ
যোৱা ৮ চেপ্তেম্বৰ তাৰিখে যোৰহাটৰ নিমাতিঘাটত যি হৃদয়বিদাৰক ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে সেই ঘটনাই সমগ্ৰ পৰিবেশ শোকাকুল কৰি তুলিছে। তৎসত্তেও পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পূজাভাগ অনুস্থিত কৰাৰ লগতে আহত তথা নিখোজ ব্যক্তিসকলৰ সহায়ৰ বাবে প্ৰভু গণেশৰ চৰণত সেৱা আগবঢ়াই চৰকাৰক যোৰহাট মাজুলী সংযোগী প্ৰস্তাবিত পকী দলংখন অনতি বিলম্বে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।