টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রী স্মৃতি বড়াৰ জটিল ৰোগত আক্রান্ত হোৱাৰ বাবে কিছু অৰ্থ সাহাৰ্য বাবে দুখীয়া পৰিয়ালে বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল।
দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সহাৰি জনাই বহু সু- হৃদয়বান লোকে বেংক একাউন্ট নাম্বাৰত অৰ্থ আগবঢ়াইছিল।
লগতে পঢ়কঃঅতি শীঘ্ৰে বড়ো ভূমিৰ চোৰাং চিকাৰী আত্মসমৰ্পণ কৰিব
কিন্তু যোৱা নিশা এক দুষ্ট চক্র(হেকাৰ)ই নিজকে ইণ্ডিয়ান আৰ্মী বুলি পৰিচয় দি কিছু সহায়ৰ হাত আগবঢ়াব বুলি কৈ বিভিন্ন কৌশলেৰে ছাত্রী গৰাকী একাউন্টৰ পৰা ৰাইজে আগবঢ়োৱা বৰঙণিৰ পৰাই প্ৰায় ৩০ হাজাৰ টকা লৈ যায় যাৰ ফলত এতিয়া পৰিয়ালটিৰ অৱস্থা শোচনীয় হৈ পৰিছে।
পৰিয়ালটিয়ে ইতিমধ্যে টীয়ক আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।লগতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ প্ৰতি প্ৰতিজন ব্যক্তিকে সচেতন হ’বলৈ আহ্বান জনাইছে।