টীয়কঃ ৰাজ্য চৰকাৰে ক’ৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে নিতৌ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে টীয়কত মিত্ৰজোঁটৰ একাংশ সমৰ্থকে ক’ভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি দুপৰ নিশালৈকে আয়োজন কৰিলে ভোজ-ভাত।

বুধবাৰে নিশা আয়োজন কৰা ভোজ-ভাতৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে টীয়কত।

টীয়কৰ কমাৰচুকত এগৰাকী ৱাৰ্ড সদস্যৰ ঘৰত আয়োজন কৰা হৈছিল ভোজৰ। এই সন্দৰ্ভত আৰক্ষীয়ে খবৰ পাই অভিযান চলাইছিল যদিও আৰক্ষী যোৱাৰ খবৰ পাই সকলো পলাই পতং দিয়ে।কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী ঘুৰি যোৱাৰ পাছত পুনৰ সকলো গোট খাই উল্লাস আৰম্ভ কৰিছিল।

উক্ত খবৰ পাই টীয়কৰ এজন সংবাদদাতা উপস্থিত হৈছিল ভোজৰ স্থলীত আৰু বাতৰিৰ বাবে ভিডিঅ’ লওঁতে সমৰ্থকসকল খৰ্গগস্থ হৈ জপিয়াই পৰে সাংবাদিকগৰাকীৰ ওপৰত ।

ইমানতে শান্ত নাথাকি সমৰ্থকসকলে সাংবাদিকগৰাকীৰ পৰা কাঢ়ি লয় মোবাইল, পৰিচয় পত্ৰ আৰু ল’গ’ আৰু এখন উকা কাগজতো চহী কৰাই লয়।

সাংবাদিক দেৱজিৎ বৰাই ৱাৰ্ড সদস্য গৰাকীৰ স্বামী স্বৰোপজ্যোতি দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লগতে টীয়ক আৰক্ষীয়েও ইতিমধ্যে কভিড নীতি ভংগৰ বিৰুদ্ধে নিজাববীয়াকৈ এটি গোচৰ পঞ্জীয়ন কৰি দুয়োটা গোচৰৰ অধীনত তদন্ত আৰম্ভ কৰিছে।

নিজৰ দলীয় কৰ্মকৰ্তাই কভিড বিধি উলংঘা কৰি কৰোনা সংক্ৰমণত যি হাত উজান দিছে তাক একে মুখে সকলোৱে গৰিহণা দিয়াৰ লগতে টীয়কৰ বিভিন্ন দল সংগঠনে এই বিষয়ত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply