টিয়কঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি সোঁৱৰিবলৈ উদযাপন কৰা হৈছে লাচিত দিৱস। অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰজনাৰ আজি ৩৯৯ তম জন্মজয়ন্তী।
টীয়কৰ ঐতিহাসিক লাচিত মৈদামতো দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে লাচিত দিৱসৰ।উল্লেখ্য যে ১৬৭১ খ্ৰী:ত ঐতিহাসিক শৰাইঘাটৰ ৰণত প্ৰৱল প্ৰতাপী মোগল সম্ৰাট ঔৰংগজেৱৰ প্ৰধান সেনাপতি ৰামসিংহক পৰাভূত কৰি বীৰ লাচিতে মাতৃভূমিক বিদেশী শক্তিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল।
লগতে পঢ়কঃমাৰ্ঘেৰিটা জাগুন ৰামপুৰ পাঁচ মাইলত বিশাল ৰক্তদান শিবিৰৰ আয়োজন
এই যুদ্ধতেই বীৰজনাই নিজৰ মোমায়েকক কৰ্মত অৱহেলা কৰাৰ বাবে “দেশতকৈ মোমাই ডাঙৰ নহয়” উক্তিৰে শিৰচ্ছেদ কৰি বিৰল দেশপ্ৰেমৰ ইতিহাস ৰচনা কৰিছিল।
যুদ্ধ জয়ৰ পাছত ১৬৭২ খ্ৰী:ত ৰাজধানী ৰংপুৰত আয়োজিত বিজয় উৎসৱত অংশ লবলৈ আহি আকস্মিক বিয়োগ হোৱাত যোৰহাটৰ হোলোঙাপাৰতেই বীৰজনাৰ নশ্বৰ দেহ মৈদাম দিয়া হৈছিল।