টীয়কঃ টীয়কৰ লাহিং চাহ বাগিচাৰ নলাত শনিবাৰে এটা মৃত নাহৰফুটুকী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷
মৃত বাঘটো বাগিচাত কাম কৰি থকা একাংশ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত বন বিভাগলৈ খবৰ দিয়ে।
উল্লেখযোগ্য দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত নাহৰ ফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে ৷
ইফালে উদ্ধাৰ হোৱা নাহৰ ফুটুকীটো বনবিভাগৰ লোকে প্ৰতিদ্বন্দিতামূলক যুঁজত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ।
মৃত বাঘটোৰ নাতিদূৰৈত এটা মৰা ছাগলীও উদ্ধাৰ হৈছে।
মৃত নাহৰফুটুকীটো ইতিমধ্যে বন বিভাগৰ লোকে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।