টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰ নামঘৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত “মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী মহোৎসৱ” ভাগি বৰনামঘৰৰ প্ৰাংগণত আয়োজন কৰা হৈছে। কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মজয়ন্তী মহোৎসৱ।
কালি সদৌ অসম ভিত্তিত চিত্ৰাংকণ, বৰগীত, সত্ৰীয়া নৃত্য, বক্তৃতা আৰু খোল বাদন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ সমান্তৰালকৈ আজি পুৱা মুখ্য আকৰ্ষণ হিচাপে সাঁত ভনীৰ সমাহাৰেৰে এক সাংস্কৃতিক শোভাযাত্ৰা ও ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যোক্তাসকলে।

উল্লেখযোগ্য যে, এই শোভাযাত্ৰাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী বিমল বৰা উপস্থিত হৈ নামঘৰত সেৱা লৈ সকলোৰে মংগল কামনা কৰি নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে।
এই শোভাযাত্ৰাত অসমৰ গায়ন বায়ন, ভাওনা সংস্কৃতিকে ধৰি বাৰেৰহণীয়া জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মনিপুৰ, মেঘালয়, ত্ৰিপুৰাৰ পৰা সাংস্কৃতিক দলে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি পুনৰ বৰ অসমৰ সম্প্ৰীতিৰ তথা সমন্বয়ৰ নিৰ্দশন দাঙি ধৰিছে।