টীয়কঃ টীয়কৰ হোলোঙাপাৰত অৱস্থিত লাচিত মৈদামত অনুষ্টুপিয়াকৈ উদযাপন কৰা হয় মে-ডাম-মে ফি।
পুৱা মৈদামত মৈদাম তৰ্পন কৰাৰ লগতে চুফুৰুং পূজা পালনৰ লগতে পুলিন পোথাও সকলক সোঁৱৰণ কৰে।
লগতে পঢ়কঃমাজুলীত গঁড়ৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক
বৰ্তমান কোভিড পৰিস্থিতিৰ বাবে অনুষ্টুপিয়াকৈ পালন কৰা হয় মে ডাম মে ফি। পূৰ্বৰ তুলনাত এইবাৰ দর্শনাৰ্থীৰ পৰিমাণ সীমিত।
টাই পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে মুখৰিত হোৱা মৈদামত ধাৰাবাহিক ভাবে পালন কৰি অহা হৈছে এই ধৰ্মীয় উৎসৱ।

খুমটাইতো উদযাপন কৰা হয় টাই আহোম সকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফি । খুমটাইৰ আঠু কঢ়া চুকৰ ৰাইজে আয়োজন কৰে পৰম্পৰাগত নীতি-নিয়মেৰে হেঁপাহৰ উৎসৱটি । গাঁৱৰ ডেকা-বুঢ়া-মেঠা সকলো লগ হৈ আনন্দৰে উদযাপন কৰে মে-ডাম-মেফি ।