স্মৃতি প্ৰিয়া লাহন,টীয়ক: মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৩৫ সংখ্যক বাৰ্ষিক অধিবেশন এইবাৰ যোৰহাট জিলাৰ উদ্যোগত টীয়কৰ বাম গুৱাল গাঁৱৰ নামঘৰ প্ৰাংগণত বামদেৱআতা ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হয়।

প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ পাছত দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে প্ৰথমে ধৰ্মধ্বজ্জা উত্তোলন কৰা হৈছে।মূল ধৰ্মধ্বজ্জা উত্তোলন কৰে অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে আৰু তাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শাখাসমূহৰ প্ৰতিনিধিসকলে ৩৫ সংখ্যক অধিবেশন উপলক্ষ্যত ৩৫ খনকৈ পতাকা উত্তোলন কৰা হয়।

পতাকা উত্তোলনৰ লগে লগে খোল শংখ তাল তথা নামৰ ধ্বনিৰে এক সুন্দৰ আধ্যাত্মিক পৰিবেশৰ সুচনা হয় আৰু সকলোৱে গুৰুদুজনাৰ অমৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ হয়।উল্লেখযোগ্য যে পতাকা উত্তোলনৰ পাছতে নাম প্ৰসংগ,আই মাতৃ সমাৰোহ,মুকলি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

সন্ধিয়া বন্তি প্ৰজ্বলনেৰে উক্ত দুয়োদিনাৰ কাৰ্যসূচী সমাপ্ত কৰা হয়।সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে সকলো সত্ৰকে একেটা মঞ্চতে থাকিবলৈ আহ্বান জনাই। গুৰু দুজনাৰ বাণী আগুৱাই নিয়া লক্ষৰেই অসম মহাপুৰুষীয়া সত্ৰ সমাজে কাম কৰি আছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক- বিজেপিৰ মাজুলীক লৈ মতপাৰ্থক্য, দিল্লীলৈ পঠালে তিনিটা নাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply