টীয়কঃ টীয়কৰ মেলেং বৰখেলীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মাহীমাক আৰু পিতৃৰ হাতত প্ৰাণ গল পুত্ৰৰ।

হত্যা কৰি পুত্ৰৰ মৃতদেহটো পুতি থ’লে শৌচাগাৰৰ গাঁতত। ঘটনা অনুসৰি, দীপাৱলী উদযাপনৰ বাবে কাকুমণি বৰা নামৰ যুৱকজনে মাহীমাক সৰু মাই দত্ত বৰা আৰু পিতৃ ফণীধৰ বৰাক বিচাৰিছিল ১০ হাজাৰ টকা।

লগতে পঢ়কঃলামডিং বনাঞ্চলৰ উচ্চেদ অভিযান দ্বিতীয়দিনাও অব্যাহত
পইচা বিচৰাৰ বাবেই পিতৃ আৰু মাহীমাকে কাকুমণিক ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

হত্যা কৰাৰ পাছত যুৱকজনৰ মৃতদেহতো শৌচাগাৰৰ গাঁতত পুতি থয়। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই লাহদৈগড় আৰক্ষীয়ে সৰু মাই দত্ত বৰা আৰু ফণীধৰ বৰাক আটক কৰে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply