বন্যহস্তীৰ বাবে খাদ্যৰ যোগান

স্মৃতি প্ৰিয়া লাহন,টীয়ক :এটা ভাল খবৰ।ৰাজ্যৰ বিভিন্ন স্থানত বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে মুহুৰ্ততে নি:শেষ কৰিছে সোণোৱালী পথাৰ।

তেনে সময়তে পোহৰৰ উৎসৱ দিপাৱলীত চাকি বন্তি জ্বলাবলৈ বিভিন্নজনে নিজ নিজ পদুলি,ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ব্যৱহাৰ কৰা কলগছ সমূহ টীয়কৰ এগৰাকী উদ্যোগী ব্যৱসায়ী সঞ্জীৱ সভাপণ্ডিতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সহযোগীসকলক তথা টীয়ক পৌৰসভাৰ সহযোগত সংগ্ৰহ কৰি গিবন অভয়াৰণ্যৰ বন্যহস্তীৰ খাদ্যৰ বাবে যোগান ধৰিছে।

ব্যৱসায়ীগৰাকীয়ে নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলক লগতে টীয়ক পৌৰসভাৰ সহযোগত টীয়ক নগৰৰ ব্যৱসায়িক অঞ্চলৰ পৰা প্ৰায় তিনি ট্ৰাক কলপুলি সংগ্ৰহ কৰিছে | বৰ্তমান দিপাৱলীৰ পাছত অব্যৱহৃত হৈ পৰা এই কলগছ সমূহে এদিনৰ বাবে হ’লেও বন্যহস্তীৰ খাদ্য হ’ব বুলি আশা প্ৰকাশ কৰিছে।ব্যৱসায়ীগৰাকীৰ এই পদক্ষেপক সকলোৱে এতিয়া আদৰণি জনাইছে।

লগতে পঢ়ক-নগাৱত উদ্ধাৰ হ’ল শতাধিক ম’বাইল, গ্ৰেপ্তাৰ দুই যুবক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply