টীয়ক: দেওবাৰে টীয়কত এটা লিচুৱেই কাল হৈ পৰিল এগৰাকী ষোল্ল বছৰীয়া যুৱতীৰ বাবে।টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান সোণাৰী গাঁৱৰ জিতেন বৰুৱা নামৰ লোকজনৰ কন্যা প্ৰিয়া বৰুৱাই পিতৃয়ে বজাৰৰ পৰা অনা এটা লিচু খাওঁতেই সংঘটিত হ’ল মৰ্মান্তিক ঘটনা।
আৰক্ষী বিভাগত কৰ্মৰত জিতেন বৰাৰ কন্যা ১৬ বছৰীয়া কন্যা প্ৰিয়া বৰাই আজি লিচু খাই থকা অৱস্থাত হঠাৎ ডিঙিত লাগি ধৰে। পৰৱৰ্তী সময়ত ঘৰতে যুৱতীগৰাকীৰ ডিঙিৰ পৰা লিচুটো উলিয়াই যদিও যুৱতীগৰাকীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত জৰুৰীভাৱে টীয়ক FRU নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।বতৰৰ ফল এটা লিচু যুৱতীগৰাকীৰ মৃত্যুদূত হৈ পৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
লগতে পঢ়ক কমলপুৰ সমষ্টিৰ দূৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি দৃষ্টি পৰিবনে স্থানীয় বিধায়কৰ