স্মৃতি প্ৰিয়া লাহন, টীয়কঃ টীয়কৰ চিৰাম মিচিং গাঁৱত সংঘটিত হৈছে অঘটন। আজি পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে। মৃত যুৱকজনৰ নাম দাদুল মৰাং বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বিদ্যুতৰ খুঁটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পানীত পৰি থকা তাঁৰ আঁতৰাবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি যুৱকজনৰ মৃত্যু হোৱা বুলি ৰাইজে অভিযোগ তুলিছে।

ইফালে, এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে টীয়ক FRUলৈ লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় আৰক্ষীয়ে যুৱকজন মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply