টীয়কৰ পৰা স্মৃতিপ্ৰিয়া লাহনঃ পুৱাই বাতৰি কাকতৰ বাণ্ডিলটো মোনাত ভৰাই চাইকেলখন লৈ ওলাই যায় পহুচুঙি গাঁৱৰ পৰিস্মৃতা গগৈ।
পৰিস্মৃতা গগৈৰ এই যাত্ৰা জীৱনৰ পথত সংগ্ৰামৰ যাত্ৰা। বহু আগ্ৰহেৰে পদুলিমুখলৈ বাট চাই থকা পাঠকৰ হাতত পৰিস্মৃতাই তুলি দিয়ে বাতৰি কাকতখন।
দৈনিক পোন্ধৰ-বিশ কিলোমিটাৰ চাইকেল চলাই ঘৰে ঘৰে বাতৰিকাকত বিলাই দুপইচা উপাৰ্জন কৰি আৰ্থিকভাৱে দুৰ্বল পিতৃ-মাতৃক সকাহ দিবলৈ অহৰহ জীৱন যুদ্ধ চলাই আহিছে পৰিস্মৃতাই।
লগতে পঢ়কঃনিৰ্দেষ্ট সময়ৰ ভিতৰত উন্নয়নমূলক কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
ৰ’দ-বৰষুণ সকলো পৰিহাৰ কৰি পৰিস্মৃতাই নিজৰ কৰ্তব্য পালন কৰি পাঠকৰ হাতত তুলি দিয়েগৈ কাকতখন। ইপিনে, পৰিস্মৃতা গগৈয়ে ঘৰতেই হাঁহ ,কুকুৰা পুহি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
এই যুৱতী গৰাকীৰ এনে যুগাত্মক কৰ্ম আমাৰ সমাজৰ বাবেও এক আদৰ্শ।