টীয়ক : টীয়কত দুচকীয়া বাহনৰ হেলমেট নিপিন্ধা লোকক জৰিমনা। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে যোৱা ১ ডিচেম্বৰৰ পৰা দুচকীয়া বাহনত যাত্ৰা কৰা চালকৰ লগতে আৰোহীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক লগতে দুচকীয়া বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো বাঞ্ছনীয়।
আজি টীয়ক আৰক্ষীয়ে টীয়ক থানাৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক অভিযান চলায়। উক্ত পথদি যোৱা মটৰচাইকেল আৰোহীসকলক হেলমেট তথা লাইচেঞ্চৰ পৰীক্ষাৰ অভিযান চলায় আৰক্ষীয়ে। উল্লেখযোগ্য যে উক্ত সময়ছোৱাত যিসকলে চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি জৰিমনা বিহাৰ লগতে এজাহাৰ বিহীন গোচৰো ৰজু কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক : ছটাকৈ দুষ্পাপ্য লক্ষী ফেঁচা উদ্ধাৰ
আৰক্ষীৰ এই পদক্ষেপে বিশেষকৈ নৱ প্ৰজন্মৰ চালক সকলক অধিক দায়িত্বশীল কৰি তুলিব আৰু ইয়াৰ জড়িয়তে পথ দুৰ্ঘটনা ৰোধ হ’ব বুলি আশা প্ৰকাশ কৰিছে টীয়ক আৰক্ষীয়ে। আগন্তক দিনটো আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।