টীয়ক, স্মৃতি প্ৰিয়া লাহন: ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে টীয়কৰ কাৱৈমাৰী কুমাৰভেটি গাঁৱৰ শিখা ৰবিদাসে। আৰ্থিক দৈন্যতাকো প্ৰত্যাহ্বান হিচাপে লৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮৪.৩৩% ৰে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে।
আৰ্থিকভাৱে পিছপৰা বাবেই আন হাজাৰজন ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰপৰা লাভ কৰা সা-সুবিধাৰ বিপৰীতে শিখাই পাইছিল সামান্য সুবিধা। কৃষিকৰ্ম আৰু সাপ্তাহিক বেপাৰ-বাণিজ্যৰে পৰিয়ালটি পোহপাল দিয়া শিখাৰ পিতৃ নবীন ৰবিদাসে সামান্য সুবিধা কৰিবলৈহে সক্ষম হৈছিল।
কিন্তু প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই ঘৰৰ সকলো কাম-কাজত সহযোগ কৰিও সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল শিখা। ঘৰুৱা শিক্ষক, স্মাৰ্টফোন, দূৰদৰ্শন আদিৰ সুবিধাৰ পৰা বঞ্চিত শিখায়ে বিগত কোভিড মহামাৰী সময়ত নিজৰ হাতত স্মাৰ্টফোন নথকাৰ হেতুকে ওচৰৰ ঘৰলৈ গৈ সহায় ল’ব লগীয়া হৈছিল।
শিখাৰ এই ফলাফলে কেৱল অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। ভৱিষ্যতলৈ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন শিখাৰ। উল্লেখযোগ্য যে, ২০১৬ বৰ্ষত কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু ২০১৯ বৰ্ষত কাৱৈমাৰী গোহাঁইগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বৃত্তি পৰীক্ষাত উৰ্ত্তীণ হ’বলৈও সক্ষম হৈছিল শিখা।
দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী শিখাক যদি কোনো সদাশয় লোকে এতিয়াৰ পৰাই অধ্যয়নৰ দিশটোত সহায় কৰে তেন্তে ছাত্ৰীগৰাকীৰ সপোন বাস্তৱ ৰূপ পোৱাত কিছু সহায়ক হ’ব বুলিয়েই আশা কৰিব পাৰি৷ যি কি নহঁওক আৰ্থিক দৈন্যতাকো নেঁওচি ঘৰুৱা কামৰ মাজতে পঢ়াৰ দিশটোক সময়মতে বৰ্তাই ৰাখি মেধাৱী ছাত্ৰী শিখায়ে কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই সফলতাই গৌৰৱাম্বিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে কাৱৈমাৰী অঞ্চলক।