স্মৃতি প্ৰিয়া লাহন,টীয়কঃ ভূমি সংৰক্ষণ বিভাগৰ যোৰহাট জিলা সংমণ্ডলৰ অধীনত ২০২০-২১ বৰ্ষত বাইশলাখ টকা ব্যয় সাপেক্ষে টীয়কৰ পুখুৰীপৰীয়া অঞ্চলত প্ৰায় ২০ জন যুৱকৰ সহযোগত জিলা ভূমি সংৰক্ষণ বিষয়া প্ৰসন্ন মুদৈৰ নেতৃত্বত এক প্ৰকল্প স্থাপন কৰা হৈছে।
এই প্ৰকল্পত মাছ খেতি কৰাৰ সমান্তৰালকৈ পাৰসমূহত কল,সাঁচি,নেমুটেঙাকে ধৰি বিভিন্ন খেতিৰ লগতে হাঁহ,কুকুৰা ছাগলী পালনৰ ব্যৱস্থা কৰিছে বিভাগটোৱে।
লগতে পঢ়কঃৰঙিয়াত নদীত পৰি এজন বিশেষভাৱে সক্ষম লোকৰ মৃত্যু
এক কথাত কবলৈ হ’লে এই প্ৰকল্পই অনাগত দিনত গ্ৰাম্য অৰ্থনীতি বাৰুকৈ তৰাম্বিত কৰিব। বৰ্তমান এই প্ৰকল্পই সৰ্বতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী আঁচনিৰ এনে সফলতাই অনাগত দিনবোৰত যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক দৃঢ় ভূমিকা গ্ৰহণ কৰিব তাকে প্ৰমাণ কৰিছে এই আঁচনিখনে।