স্মৃতি প্ৰিয়া লাহন,টীয়কঃ মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনস্থ মুদৈজান ভৰলুৱা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যাপীঠ নামৰ বিদ্যালয়খন দাঁতিকাষৰীয়া মহেশ্বৰ বৰকটকী বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুদৈজান ভৰলুৱা গাঁৱৰ ৰাইজ তথা বিদ্যালয়ৰ অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।

কিয়নো বাট পথৰ দুৰৱস্থাৰ লগতে তিনি চাৰি কিলোমিটাৰ বাট কণ কণ ছাত্ৰ-ছাত্ৰী সকলক লৈ যোৱাত যথেষ্ট অসুবিধা হ’ব লগতে এনে কৰিলে বিদ্যালয়ৰ গুণ গৰিমাসমূহ নাইকীয়া হৈ যাব বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে। ইপিনে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো কাণষাৰ নিদিয়াত বহুতো ছাত্ৰ-ছাত্ৰীক অভিভাৱকসকলে অন্যান্য বিদ্যালয়লৈ লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়ে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু কমিছে যদিও শিক্ষক নিযুক্তি দি বিদ্যালয়খন উক্ত স্থানতে চলাই নিলে পূৰ্বৰ গুণ গৰিমা অটুত থাকিব বুলি ৰাইজে বিশ্বাস ৰাখি এই ক্ষেত্ৰত পুনৰ চৰকাৰক এক বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply