টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২০১০ চনৰ পৰা কৰ্মৰত হৈ থকা ঠিকাভিত্তিত কৰ্মচাৰীসকলৰ লগতে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ঠিকাভিত্তিক কৰ্মচাৰীসকলেয়ো আজি কৰ্মবিৰতি পালন কৰে।
কৰ্মচাৰীসকলৰ সম দৰমহা, চাকৰি নিশ্চিতকৰণ, চৰকাৰী অন্যান্য কৰ্মচাৰীৰ দৰে সা-সুবিধাকে ধৰি বছৰি দৰমহা বৃদ্ধিৰ দাবীৰে বহুদিনৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। কিন্তু এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো সহাৰি নোপোৱাত কাৰ্যালয়ৰ সন্মুখতে প্ৰতিগৰাকী কৰ্মচাৰীয়ে কৰ্মবিৰতি ঘোষণা কৰে।
লগতে পঢ়কঃলোকসংস্কৃতিৰ সাধক বিপুল চেতিয়া ফুকনলৈ ২০২২ বৰ্ষৰ গণ গৌৰৱ বঁটা
অনতি পলমে এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে এই আন্দোলন অধিক শক্তিশালী হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে।