স্মৃতি প্ৰিয়া লাহন, টীয়ক :পূজাৰ বতৰত স্বাভাৱিকতে দেখা যায় বস্ত্ৰৰ বিপনী সমূহত গ্ৰাহকৰ ভীৰ কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে টীয়কৰ বস্ত্ৰৰ বিপনীসমূহত গ্ৰাহকৰ ভীৰ হ্ৰাস পাইছে । যাৰ ফলত স্থায়ী বস্ত্ৰৰ ব্যৱসায়ীসকলে মূৰে কপালে হাত দিব লগা হৈছে।
উৎসৱ বুলিলে স্বভাৱিকতে বস্ত্ৰ ব্যৱসায়ীসকলে অন্যান্য সময়ৰ তুলনাত অধিক বস্ত্ৰ বিক্ৰী কৰিবলৈ সক্ষম হয় কিন্তু বৰ্তমান দেশৰ পৰিস্থিতি তথা অনলাইন শ্বপিঙে বিশেষকৈ এই পূজাৰ সময়তো মফচলীয় অঞ্চলৰ বস্ত্ৰৰ ব্যৱসায়ী সকললৈ দুৰ্যোগ নমাই আনিছে।
অতি সম্প্ৰতি স্থায়ী ব্যৱসায়ীৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰাতকৈ নিজৰ পছন্দৰ সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰি সুলভ মূল্যত ক্ৰয়ৰ প্ৰৱনতা বৃদ্ধি পাইছে । এই ক্ষেত্ৰত নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ অন লাইন শ্বপিংৰ প্ৰতি অধিক আকৰ্ষিত হোৱাত মাধমাৰ পৰিছে পৰম্পৰাগত স্থায়ী ব্যৱসায়ী সকলৰ ওপৰত।
ইপিনে সামগ্ৰীৰ মূল্য কম হোৱাৰ উপৰি ঘৰতে সামগ্ৰী পদ পোৱাৰ সুযোগ লাভ কৰাৰ বাবে অনলাইন শ্বপিংৰ প্ৰতি অধিকাংশৰ আকৰ্ষণ বৃদ্ধি পোৱাত আজি পূজাৰ সময়তো দেখা গৈছে অনলাইনত ক্ৰয় কৰা সামগ্ৰী বিতৰণ কেন্দ্ৰত গ্ৰাহকে অৰ্ডাৰ দিয়া এটা দিনৰ সামগ্ৰীৰ দ’ম আৰু এই সামগ্ৰী সমূহ গ্ৰাহকৰ কাষলৈ নিবৰ বাবে বিতৰকৰ ভীৰ।
ইয়াৰ বিপৰীতে পৰম্পৰাগত সামগ্ৰী আৰু বস্ত্ৰৰ দোকানত গ্ৰাহকৰ সেৰেঙা উপস্থিতি পূজাৰ সময়তো।অৱশ্যে এই অনলাইন শ্বপিং ব্যৱস্থাত স্থানীয় বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতী জড়িত হৈছে। এই ব্যৱস্থা অতিকৈ ইতিবাচক যদিও এনেদৰে চলি থাকিলে স্থানীয় স্থায়ী বস্ত্ৰ ব্যৱসায়ীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব |
লগতে পঢ়কঃ ৰাছিয়াত বিমান দুৰ্ঘটনা, ১৬জনৰ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ