টীয়কঃ সমাগত গুণোৎসৱ। অহা ২ জুনৰ পৰা যোৰহাট জিলাত গুণোৎসৱ আৰম্ভ হ’ব। তাক লৈ এতিয়া সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰসমূহৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে। কিন্তু এখন ব্যতিক্ৰমী বিদ্যালয় দেখুৱাবলৈ ওলাইছো যিখন বিদ্যালয়ে গুণোৎসৱ বুলি বিশেষ একো প্ৰস্তুতি কৰিবলগীয়া হোৱা নাই কিয়নো বিদ্যালয়খনে ইতিমধ্যে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ গছপুৰীয়া অঞ্চলৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়। চালে চকু ৰোৱা এই বিদ্যালয়ৰ পৰিৱেশ। দেৱালত মহৎলোকৰ বাণী, সতৰ্কমূলক বাণী বিভিন্ন ফুল অৰ্কিডেৰে এক সুন্দৰ পৰিৱেশেৰে গঢ়ি তুলিছে শ্ৰেণীকোঠাকে ধৰি বিদ্যালয়ৰ প্ৰাংগণ। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ খেলা ধূলা, নৃত্য গীত, বিভিন্ন হাতৰ কামকে ধৰি ছবি অঁকাত পাৰ্গত ছাত্ৰ ছাত্ৰী সকল। ইপিনে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাৰ সমান্তৰালকৈ ক’ব বা লিখিব পাৰে ইংৰাজী আৰু হিন্দী।

প্ৰধান শিক্ষক প্ৰশান্ত শৰ্মা আৰু সহ শিক্ষয়ত্ৰী জ্যোতি বৰাই এইসকল ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদিপাঠ নিখুতকৈ আৰম্ভ কৰিবলৈ সদায় চেষ্টা চলাই আহিছে।দি আহিছে যোগ সাধনা,নীতি শিক্ষা তথা সামাজিক মূল্যবোধৰ পাঠ যাক সামৰি ছাত্ৰ ছাত্ৰী সকলো আগুৱাই গৈ সকলো দিশতে পাৰ্গত হৈ পৰিছে।ইপিনে বিদ্যালয়ৰ পৰিচালনা সমিতি মাতৃগোটৰ সদস্যা সকলেও প্ৰতি দিনেই বিদ্যালয়লৈ আহি বিদ্যালয়খন পৰিস্কাৰ কৰি ৰখাৰ সমান্তৰালকৈ বিদ্যালয়ৰ বিভিন্ন কাম কাজত সহায় কৰি নিজ নিজ দায়িত্ব বাৰুকৈ পালন কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে। মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়তে বিভিন্ন খেতি কৰি উৎপাদিত পাচলিৰে ছাত্ৰ-ছাত্ৰী সকলক খোৱা দিহা কৰি আহিছে এইসকল ৰাইজে।

লগতে পঢ়কঃডীজু চাহ বাগিছা আৰু চিয়াজুলী চাহ বাগিছাত দুখনকৈ নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন

এক কথাত ক’বলৈ গ’লে পুৱা ৯ বজাৰ প্ৰাৰ্থনা সভাৰ পৰা বিদ্যালয়ৰ চুটি দিয়া পৰ্যন্ত শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলৰ লগতে পৰিচালনা সমিতি মাতৃগোটৰ সদস্যা তথা অভিভাৱকসকল সকলো ব্যস্ত পৰে নিজ নিজ দ্বায়িত্ব পালনত। চৰকাৰী বিদ্যালয়খনৰ এনে অপূৰ্ব পৰিবেশে সঁচাই এতিয়া সকলোকে আকৰ্ষিত কৰিছে। যি সময়ত নিজৰ শিশুটিক প্ৰতিগৰাকী অভিভাৱকে শিক্ষাৰ আদিপাঠ এখন ভাল ব্যক্তিগত বিদ্যালয়ৰ পৰা আৰম্ভ কৰাবলৈ বিচাৰে তেনে সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি সকলো দিশৰ পৰাই আগবঢ়া এইখন চৰকাৰী বিদ্যালয়ে গছপুৰীয়া অঞ্চলৰ অভিভাৱকসকলৰ সপোনবোৰ সাৰ্থক কৰিবলৈ চেষ্টা চলাই আহিছে আৰু সফলতাও লাভ কৰিছে যি অনাগত দিনত চৰকাৰী বিদ্যালয়সমূহৰ আৰ্দশ হৈ বিশেষকৈ গ্ৰাম্যাঞ্চলত সকলোৰে সপোন বাস্তৱায়িত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply