সোণাৰিঃ শিক্ষকৰ অভাৱৰ বাবেই বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে তলাবন্ধ কৰিলে সোণাৰিৰ এখন বিদ্যালয়ত। সোণাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ভজো (A)সমল কেন্দ্ৰৰ টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত তিনি বছৰ ধৰি শিক্ষকৰ অভাৱ হৈ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক সকলে জানিবলৈ দিয়া অনুসৰি ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান শিক্ষকৰ সংখ্যা মাত্ৰ তিনি জন। আনহাতে অহা ডিচেম্বৰ মাহত এই বিদ্যালয়খনৰ আন এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিব। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত পাঠদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে তলাবন্ধ কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰিছে।