প্ৰেৰক,স্মৃতি প্ৰিয়া লাহন: টীয়ক সমষ্টিৰ চটাইস্থিত ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগত বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে, মুখ্য সচিব গৰাকী গুনোৎসৱ উপলক্ষ্যে উক্ত বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়ৰ পৰিবেশ, আন্ত:গাঁথনিকে ধৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ মানদণ্ড আদিত আলোকপাত কৰে।
লগতে মুখ্য সচিবগৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক তেওঁৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰে আৰু অনাগত দিনত কিদৰে আগুৱাই যাব তাৰ ওপৰত মন্তব্য আগবঢ়ায়। ইফালে, অসমীয়া ভাষাৰ সমান্তৰালকৈ ইংৰাজী আৰু হিন্দী ভাষাটোও সৰুৰে পৰা ছাত্ৰ-ছাত্ৰী সকলক শিকোৱাৰ ক্ষেত্ৰত শিক্ষক তথা অভিভাৱক সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, এই গুণোৎসৱে অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত আমোল পৰিবৰ্তন আনিব আৰু এই ইতিবাচক পৰিবৰ্তনে অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰী সকলক সৰ্বত্তোপ্ৰকাৰে আগুৱাই নিয়াত সহায়ক হ’ব বুলি মুখ্য সচিবগৰাকীয়ে আশা প্ৰকাশ কৰে।