টিয়কঃ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ বানপীড়িত কাৱৈমাৰী অঞ্চলৰ কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ে সমগ্ৰ শিক্ষা যোৰহাটৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিবছৰে দুই-তিনিবাৰকৈ বানেগৰকা মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু মাতৃগোটলৈ সমগ্ৰ শিক্ষা যোৰহাটে ২০১৯-২০ বৰ্ষত বিভিন্ন দিশত উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ বাবে উৎকৃষ্টতাৰ স্বীকৃতি প্ৰদান কৰিছে।
কাৱৈমাৰী শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়ক পঙ্কজ দত্তই আজি বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাইৰ হাতত জিলা মিছন সমন্বয়ক তথা যোৰহাটৰ মহকুমাধিপতি বিপুল দাস আৰু জিলা আঁচনি বিষয়া জবাৰাণী বৰাৰ স্বাক্ষৰিত মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰি বিদ্যালয়খনিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে।
উল্লেখযোগ্য যে কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে বিগত বৰ্ষসমূহত বানপানীকে ধৰি প্ৰতিকূল সমস্যাসমূহৰ মাজতো শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ বিদ্যালয়ৰ শৈক্ষিক আৰু সহঃবিদ্যায়তনিক দিশসমূহ সূচাৰুৰূপে আগুৱাই নিয়াৰ লগতে উদযাপিত দিৱসসমূহ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশসমূহ, পৰিৱেশ সজাগতা, ফিট ইণ্ডিয়া, স্বচ্ছ-ভাৰত আদি কাৰ্যসূচীসমূহ আকৰ্ষণীয়কৈ পালন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।
বিদ্যালয়খনৰ এই সফলতাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগ, টীয়ক প্ৰাথমিক শিক্ষক সন্মিলনী, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰণ্টূ ভূঞা, কুমাৰভেটি গাঁও উন্নয়ন সমিতি, ৰেঙনিঃএটি আশাৰ সঞ্চালক বিজু শৰ্মা, চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ৰাজখোৱা, চিন্তামণিগড় সৃষ্টি প্ৰগতি চ’ৰা আদি বিভিন্ন অনুষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।