টীয়কঃ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকীত সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টীয়কৰ অগপ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই ৷
অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ টীয়কৰ ভগামুখস্থিত সমাধিস্থলীত টীয়ক সমষ্টিৰ বিধায়িকা তথা ৰাজখোৱাৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
প্ৰয়াত মন্ত্ৰীগৰাকীৰ পত্নী তথা সমষ্টিটোৰ বিধায়িকা গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অগপৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে।
লগতে পঢ়কঃএকাংশ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবেই হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা
ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰয়াত নেতা গৰাকীৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যোৱাৰ সংকল্প লয়৷ ইপিনে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভগামুখত প্ৰাক্তন ছাত্ৰ নেতাজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, ললিত চন্দ্ৰ ৰাজখোৱাৰ জেষ্ঠ ভাতৃ হৰেণ ৰাজখোৱাকে ধৰি বহুকেইগৰাকী গুনমুগ্ধ ব্যক্তি উপস্থিত থাকে।
উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ মজিয়াৰে পৰা জিলা ছাত্ৰ সন্থা অনাগত দিনত যুৱকগৰাকীৰ অমৰ সৃষ্টিৰাজি সজীৱ কৰাৰ মানসৰে এখনি স্মাৰক গ্ৰন্থ আৰু জিলা ছাত্ৰ সন্থাদ্বাৰা প্ৰস্তাৱিত ললিত চন্দ্ৰ ৰাজখোৱাৰ আৱক্ষয় মুৰ্তিৰ নিৰ্মাণ কাম এটা বছৰত সম্পূৰ্ণ কৰাৰ সংকল্পবন্ধ হয়।