টীয়কৰ পৰা স্মৃতিপ্ৰিয়া লাহনঃ ‘কা’ আন্দোলনৰ স্থবিৰতাক লৈ অসন্তুষ্টি ব্যক্ত কৰে ‘কা’ আন্দোলনৰ শ্বহীদ টীয়কৰ বনাই ৰবি গাঁৱৰ ৰাজেন বৰুৱাৰ পত্নী জুনুমনি বৰুৱাই। আজি শ্বহীদ গৰাকীৰ দ্বিতীয় মৃত্যু বাৰ্ষকী ।

‘কা’ আন্দোলনৰ নেতৃত্ব বহন কৰা সকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অন্যান্য সকলৰ লগতে আন্দোলনৰ বাবে ৰাজপথলৈ ওলাই আহিছিল ৰাজেন বৰুৱায়ো।

কিন্তু প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাত আন্দোলন স্থলীতে কৰুণ মৃত্যুক সাৱতি লৈছিল ৰাজেন বৰুৱাই। লগে লগে যোৰহাট জিলা ছাত্র সন্থাই বৰুৱাক ‘কা’ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছিল। কিন্তু উক্ত দিনাই ‘কা’ আন্দোলনৰ ব্যাপকতাত আতংকিত হৈ অসম চৰকাৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াত ৰাজেন বৰুৱাৰ মৃত্যুৰ বিষয়ে বহুল প্ৰচাৰ নোহোৱাত ‘কা’ আন্দোলনৰ শ্বহীদৰ সংখ্যাকলৈ ভিন্ন মত পোষণ কৰা পৰিলক্ষিত হৈছিল।

কিন্তু ছয় গৰাকী শ্বহীদৰ ভিতৰত ৰাজেন বৰুৱা ‘কা’ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ বুলি ছাত্র সন্থাই দাবী কৰি শ্বহীদ পৰিয়ালটোৰ প্ৰতি চৰকাৰে সাহাৰ্য আগবঢ়োৱাৰ দাবী জনায় ।

লগতে পঢ়কঃবন বিভাগৰ গুলীত দুবছৰীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ

ৰাজেন বৰুৱাৰ মৃত্যুৰ পাছত এতিয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা। আজি শ্বহীদ ৰাজেন বৰুৱাৰ বাসগৃহ প্ৰাংগণত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকীয়ো বয়োজেষ্ঠ ব্যক্তি উপস্থিত থকাৰ উপৰিও আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক যদুমনি বৰুৱা,কৰ্মচাৰী পৰিষদৰ নেতা কিশোৰ দাস, জ্ঞানপীঠ একাডেমীৰ সচিব সৌৰভ বৰা,ৰেঙনিৰ সঞ্চালক বিজু শৰ্মাকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply