টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ পূব যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ Sociological Study Center & NSS গোট আৰু IQACৰ উদ্যোগত টীয়কৰ দ’ কুটিকুছিয়া গাঁৱৰ নামঘৰৰ প্ৰাংগণত এখনি সভা অনুষ্ঠিত কৰা হয়। অংকুৰ পুথিভঁৰালৰ সম্পাদক ৰন্টু ভূঞাই আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে কুটিকুছিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কনক চন্দ্ৰ নেওগে।
সভাখনিত কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰূপৰেখা বৰদলৈ, কাকজান মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা দীপ্তি তামূলী, সহকাৰী অধ্যাপিকা মিনাক্ষী মিলি, বৰ্ষাৰাণী বৰা, উদ্ভিদ বিজ্ঞান বিভাগৰ সহ অধ্যপিকা ড৹ ববিতা বৰকটকী, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম অফিচাৰ তথা অধ্যাপক জয়ন্ত দুৱৰা, অধ্যাপক প্ৰবীণ দাস বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে।
উল্লেখযোগ্য যে, কাকজান মহাবিদ্যালয়ে তুলনীয়া গাঁও হিচাপে লোৱা এই গাঁওখনৰ অংকুৰ পুথিভঁৰাল লৈ গ্ৰন্থ অধ্যয়নৰ ধাউতি বৃদ্ধি পাবলৈ এই সভাত এটি বুক চেল্ফ আৰু গ্ৰন্থ দান কৰে। ইয়াৰোপৰি সমাজতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে গাঁওখনত এটি ক্ষেত্ৰভিত্তিক অধ্যয়ণ অনুষ্ঠিত কৰে।
সভাত সেউজী ধৰণী সংগ্ৰাম সমিতিৰ বিষয়-ববীয়া সকল, টীয়ক জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিমা ওজাৰ লগতে স্থানীয় কেইবাজনো গণ্য-মান্য ব্যক্তিৰ উপৰিও স্থনীয় ৰাইজ উপস্থিত থাকে। সমাজতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে গাঁওখনত এটি ক্ষেত্ৰভিত্তিক অধ্যয়ণ কৰে। কাকজান মহাবিদ্যালয় ফালৰ পৰা এই গাঁও খনক অনাগত সময়ত আদৰ্শ গাঁও হিচাপে পৰিণত কৰাবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।