টীয়ক, স্মৃতি প্ৰিয়া লাহন: আজি আবেলি অহা এজাক প্ৰচণ্ড ধুমুহাই টীয়কৰ কেইবাটাও অঞ্চলত ক্ষতি সাধন কৰে। মেলেং, লাহদৈগড়, ঢেকীয়াখোৱা আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে ধুমুহাই। উল্লেখ্য যে, বতাহ ধুমুহাই ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰকাণ্ড বৰগছ উভালি ধ্বংস কৰিলে নামঘৰৰ খোৱা পানীৰ প্ৰকল্প।

জানিব পৰা মতে, প্ৰায় ৩০ লাখ টকাৰ সম্পত্তি নষ্ট হৈছে বুলি ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতিৰ বিষ়ববীয়াই জানিবলৈ দিয়ে। অন্যহাতে, ঢেকীয়াখোৱাকে ধৰি পূৱ যোৰহাটত আৱাসিক এলেকাত বিদ্যুৎ সেৱা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।

ঢেকীয়াখোৱা বৰ নামঘৰত বহু পুৰণি দুজোপা বৰগছ উভালি দুখনকৈ দেৱালৰ ক্ষতি সাধন কৰা লগতে পূব যোৰহাটত অঞ্চলত বহু লোকৰ টিনপাত উৰুৱাই লৈ যোৱাৰ কথা জানিব পৰা গৈছে। বাতৰি লিখা সময় লৈকে কিছু কিছু অঞ্চলত বিদ্যুৎ সেৱা বন্ধ আছে বুলি স্থানীয় ৰাইজে প্ৰতিবেদকক জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply