স্মৃতি ৰেখা লাহন, টীয়ক: ৰাজ্যৰ চৌদিশে কভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি থকাৰ পৰিপেক্ষিতত চৰকাৰে নতুন নতুন এচ অ পি জাৰি কৰাৰ পাছতো দেখা গৈছে যদিও বাগিচা অঞ্চলত চৰকাৰৰ এনে নিৰ্দেশনাক কোনো গুৰুত্ব প্ৰদান কৰা নাই ।
টীয়ক চাহ বাগিচাৰ মাজলাইন আৰু ৩ নম্বৰ লাইনৰ ১৩ জনকৈ শ্ৰমিকৰ দেহত কালি কভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতো আজিৰ দিনটোত বাগিচা খনৰ কৰ্তৃপক্ষই কোনো সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰা নাই।
বৰঞ্চ উক্ত লাইনৰ অন্যান্য শ্ৰমিকসকলে আজি বাগিচাৰ আন লাইনৰ শ্ৰমিকৰ সৈতে একেলগে পাত ছিগা কামত ব্যস্ত আছে।ইপিনে মাত্ৰ এখনকৈ মাস্ক আৰু এটুকুৰাকৈ চাবোন দিয়েই দ্বায়িত্ব সামৰিছে কৰ্তৃপক্ষই।