টীয়কঃ টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰষাকেন্দ্ৰ টীয়ক FRU ত শুকুৰবাৰে এগৰাকী কোভিড আক্ৰান্তৰ মহিলাৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৰহাট গৰখীয়া দ’ল দ গাঁৱৰ কণমাই শইকীয়া নামৰ ৫৫ বছৰীয়া মহিলাগৰাকী বৃহস্পতিবাৰে টীয়কৰ জগদুৱাৰ গায়ন গাঁৱৰ আত্মীয়ৰ ঘৰলৈ আহিছিল।
আৰু পঢ়কঃ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে নদুৱাৰ মণ্ডল বিজেপিৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক
হঠাৎ মহিলাগৰাকী শাৰীৰিক ভাৱে অসুস্থ হোৱাত স্বাস্থ্য পৰীক্ষাৰ বাবে টীয়ক FRU লৈ আহিছিল যদিও চিকিৎসালয় পোৱাৰ পিছতে মহিলাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে।
মৃত মহিলাগৰাকীক কোভিড পৰীক্ষা কৰাত তেওঁৰ শৰীৰত কোভিডৰ উপস্থিত ধৰা পৰে।
আন আন ঠাইৰ দৰে টীয়কটো বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু স্বাস্থ্য সেৱাৰ বাবে চিন্তিত হৈ পৰিছে টীয়কবাসী ৷ কাৰণ টীয়ক এফ আৰ ইউ খনেই হ’ল বৃহত্তৰ টীয়কৰ গ্ৰাম্য স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰ ৷ চিকিৎসালয়খনৰ দুৰ্বল আন্তঃগাঁঠনি,পৰ্যাপ্ত চিকিৎসকৰ অভাৱ পৰিলক্ষিত হৈছে ৷
দুদিন পূৰ্বে চিকিৎসালয়খনত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আন্তঃগাঁঠনি আৰু পৰ্যাপ্ত চিকিৎসক উপস্থিতিৰ ক্ষেত্ৰত খুব কম দিনৰ ভিতৰতে উপযুক্ত ব্যৱস্থা ল’ব বুলিও আশ্বাস দিয়ে ৷ কিন্তু এই মহামাৰীৰ সময়ত পৰ্যাপ্ত ক’ভিড প্ৰতিষেধকৰ অভাৱ হোৱাও দেখা গৈছে চিকিৎসালয়খনত ৷