টীয়কঃ টীয়কৰ কাকজানৰ আৰন্ধৰা গাঁৱত আমগুৰিৰ এজন ক্ষুদ্ৰ আগৰ ব্যৱসায়ী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে বুলি সবিস্তাৰে প্ৰচাৰ হোৱাৰ পাছত ঘটনাৰে সৈতে জড়িত আৰন্ধৰা গাঁৱৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰন্ধৰা গাঁৱৰ ৰাইজে জনোৱা মতে- গাঁৱৰে দুই মহিলা বাটেৰে আহি থাকোতে হুণ্ডাই ইয়ন গাড়ীৰে অহা এটা দলে বাটত মহিলা দুগৰাকীক অশ্লীল মন্তব্য আগবঢ়াই দুব্যৱহাৰ কৰে।

তাৰপাছত মহিলা দুগৰাকীয়ে ঘৰলৈ আহি উক্ত ঘটনা পৰিয়ালৰ লোকক অৱগত কৰে আৰু লগে লগে পৰিয়ালৰ লোকে তথা ওচৰ চুৰীয়াৰ কেইবাজনো যুৱক গোট খাই ইয়ন গাড়ীখন ধৰি সোধা-পোচা কৰে আৰু বাক যুদ্ধত লিপ্ত হয়। অনাকাংক্ষিতভাৱে আমগুৰিৰ চামগুৰি অঞ্চলৰ বাসিন্দা তথা আগৰৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰিতুল আহমেদ পথত পৰি সামান্য আঘাতপ্ৰাপ্ত হয় যদিও পাছত আৰন্ধৰা গাঁৱৰে একাংশ যুৱকে চিকিৎসালয়লৈ নি চিকৎসা প্ৰদান কৰে।

ইফালে, সমগ্ৰ ঘটনাৰ সন্দভৰ্ত লাহদৈগড় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰা হৈছে। কিন্তু আগৰ ক্ৰয় কৰাৰ উদ্দেশ্যেৰে কেইজনমান সতীৰ্থৰ সৈতে কাকজান আৰন্ধৰা গাঁৱলৈ অহা চামগুৰিৰ ৰিতুল আহমেদে উক্ত গাঁৱতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁৰ হাতত থকা নগদ ধন লুট কৰাৰ অভিযোগ কৰি ইতিমধ্যে ৰিতুল আহমেদৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত লাহদৈগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

অৱশ্যে ৰিতুল আহমেদে দিয়া অভিযোগ সম্পূৰ্ণ মিছা বুলি কৈছে ঘটনাৰ সৈতে জড়িত আৰন্ধৰা গাঁৱৰ ৰাইজে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্ততহে প্ৰকৃততে কি হৈছিল সেয়া পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply