টীয়ক– জীৱন-মৰণৰ সৈতে যুঁজি আছে টীয়কৰ এগৰাকী মহিলাই। টীয়ক সমষ্টিৰ অন্তৰ্গত এজাৰগুৰি গাঁৱৰ বাসিন্দা মৃদুলা নেওঁগ আক্ৰান্ত হৈছে বৃক্কৰ জটিল ৰোগত। দৰিদ্ৰ পৰিয়ালৰ এই মহিলাগৰাকীৰ দুয়োটা বৃক্কই বিকল হৈ যায়।
ইতিমধ্যে চিকিৎসাৰ বাবে সাঁচতীয়া সকলো ধন খৰছ কৰিও নাপালে কোনো সুফল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মৃদুলাৰ স্বামীয়ে দিন হাজিৰা কৰি কোনো মতে পৰিয়ালটো পোহপাল দি আছে।
অৰ্থৰ অভাৱত পৰিয়ালটোৰ একমাত্ৰ ভৰসা গৰুহালো বিক্ৰী কৰিলে। দুয়োটা বৃক্ক বিকল হৈ যোৱাত বৰ্তমান প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ। সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা বিচাৰিছে কিছু আৰ্থিক সাহাৰ্য্য।
যদি কোনো হৃদয়বান ব্যক্তিয়ে আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ মৃদুলা নেওঁগৰ নামত থকা 31485808957 একাউন্ট নম্বৰত IFSC SBIN0001718 ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব। ফোনযোগে 9365964877 এই নম্বৰতো যোগাযোগ কৰিবলৈ পাৰে।