টীয়কঃ আজি বিশ্ব চাহ দিৱস। টীয়কৰ চেলেংহাটত ব্যক্তিক্ৰমী ধৰণেৰে বিশ্ব চাহ দিৱস উদযাপন। পুঞ্জয় অৰ্গেনিক টীয়ে বিশ্ব চাহ দিৱসৰ দিনটোত পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী তথা ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুতপ্ৰসাদ গগৈয়ে মৰিয়নিৰ বিধায়ককে ধৰি পথচাৰীৰ মাজত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰণ কৰে।

লগতে পঢ়কঃখৰস্ৰোতা বগীনৈৰ খহনীয়াৰ কবলত লখিমপুৰৰ বিভিন্ন অঞ্চল

উল্লেখ্য যে, অচ্যুতপ্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিকৰ নামৰ বেণ্ডত জৈৱিক গ্ৰীণ টীৰ লগতে আনকেইবা প্ৰকাৰৰ চাহ প্ৰস্তুত কৰি আহিছে। অচ্যুতপ্ৰসাদ গগৈৰ দ্বাৰা উৎপাদিত চাহ দেশে বিদেশেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আজি দিনটোতে চেলেংহাটত উপলব্ধ হোৱাকৈ জৈৱিক চাহ আৰু জৈৱিক কৃষি প্ৰযুক্তি বিধান আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচুসাৰ, গোমূত্ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা জৈৱিক সাৰ বিক্ৰীৰ এখন বিপনীও মুকলি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply