টীয়ক : ক’ভিডসৃষ্ট পৰিৱেশ আৰু মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে কুমাৰ শিল্পত। এতিয়া উৎসৱৰ বতৰ, পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ দুটামান দিন। এই দিন কেইটাত পূৰ্বে সীমাহীন ব্যৱস্ততা পিঠাখোৱা গাঁওবাসীৰ। ঘৰে ঘৰে মাটিৰ চাকি বনোৱাত ব্যস্ত থাকে পিঠাখোৱা গাঁওবাসী।
এইবাৰ কিন্তু পূৰ্বৰ পৰিৱেশ নাই পিঠাখোৱা গাঁৱত। কভিডসৃষ্ট পৰিৱেশ আৰু মূল্যবৃদ্ধিয়ে ব্যাপক প্ৰভাৱ পেলাইছে কুমাৰ শিল্পীসকলক। অতীতৰে পৰা মৃৎশিল্পৰ লগত জড়িত পিঠাখোৱা গাঁও। অসমৰ থলুৱা এই শিল্পবিধ বহু কষ্টৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে গাঁৱখনৰ প্ৰায় ৩০ ঘৰ পৰিয়ালে৷
বহু কষ্টৰে মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত বিশেষ ধৰণৰ আলতিয়া মটি বহু তলৰ পৰা খান্দি উলিয়াই মাটি চাকি, কলহ, দুনৰী আদি বিভিন্ন ৰূপ দিয়ে এই সকল চহা শিল্পীয়ে। দেৱালীৰ এই সময়ছোৱাত এইসকল শিল্পীৰ কিন্তু পূৰ্বৰ দৰে ব্যস্ততা নাই। নিয়ম মাত্ৰ পালন কৰি সীমিত সংখ্যক চাকিহে নিৰ্মাণ কৰিছে এই সকল শিল্পীয়ে।
লগতে পঢ়ক : মাৰ্চৰ ভিতৰত অসমত বেংকৰ ৫৭ টা নতুন শাখা মুকলি কৰা হ’ব : কেন্দ্ৰীয় মন্ত্ৰী
ইফাকে ক’ভিডসৃষ্ট পৰিৱেশ আৰু মূল্যবৃদ্ধি আনফালে আকৌ আধুনিক সমাজত ইলেক্ট্ৰনিক লাইটৰ ব্যৱহাৰে চাকিৰ প্ৰয়োভৰ কমাই তুলিছে। ফলত এতিয়া হতাশাত ভুগিছে এইসকল ব্যৱসায়ী। এই শিল্প জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰী আঁচনিৰ আহ্বান জনাইছে এই সকল লোকে।