নিশা প্ৰায় ১ মান বজাত নলবাৰীৰ মুগাকুছিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত AS 01EZ 4055 নম্বৰৰ এখন ব্যক্তিগত বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।
তথ্য অনুসৰি নিয়ন্ত্রণ হেৰুৱাই বাহন খনে তীব্ৰবেগত এডাল গছত খুন্দা মৰাত থিতাতে নিহত হয় স্বামী–স্ত্ৰী৷ সৌভাগ্যক্ৰমে কথমপি প্ৰাণৰক্ষা পৰে তেওঁলোকৰ ৭ বছৰীয়া কণমানি সন্তানটি।
নিহত দম্পতিহালৰ নাম সঞ্জয় শৰ্মা আৰু মানসী শৰ্মা লগতে আহত শিশুটিৰ নাম নিচান বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাহনখনত জুইৰ সুত্ৰপাত হয়। পৰবৰ্তী সময়ত দুৰ্ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে ।
তাৰ পাছতে শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে টোপনিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।