অভয়াপুৰীঃ নিচাসক্ত এজন উন্মাদ যুৱকে সন্ত্ৰাসৰ সৃষ্টি কৰিলে অভয়াপুৰীৰ দেওহাটীৰ দত্তপাৰাত ৷

২৫ বছৰীয়া চন্দন ৰায় নামৰ যুৱক এজনে হাতত দা আৰু মাছ মৰা জোং লৈ হঠাতে উন্মাদ হৈ উঠে।

মাতৃক মাৰধৰ কৰি গাওঁবাসীক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে যুৱক জনে। উপায়ন্তৰ হৈ গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷

কিন্তু আৰক্ষীৰ বুজনিয়েও যুৱক জনক শান্ত কৰিব নোৱাৰিলে। বৰং আৰক্ষীৰ ওপৰত আক্ৰমণাত্মক হৈপৰে যুৱক জন ৷

লগতে পঢ়কঃচতিয়াত মহিলাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা যুৱকৰ

পিছে অভয়াপুৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিখিল ৰাজখোৱাই কৌশলেৰে যুৱক জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী বিষয়াজনক যুৱক জনে আক্ৰমণ কৰে, ফলত আহত হয় আৰক্ষী বিষয়া গৰাকী ৷

যুৱক জনে বহু দিনৰ পৰাই গাঞ্জা সেৱন কৰিছিল আৰু এই নিচাজাতীয় দ্ৰব্যৰ বাবেই যুৱকজনে এনে কাৰ্য কৰা বুলি জানিব পৰা গৈছে ৷

প্ৰায় পাঁচ ঘণ্টা জুৰি শ্বাসৰুদ্ধকৰ পৰিৱেশৰ অন্তত যুৱক জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীৰ বৃহৎ দলটোৱে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply